মন্তব্য
শ্রীদীনেশ মহন্ত : সভাপতিৰ একেষাৰ
জয়গুৰু শঙ্কৰ সৰ্বগুণাকৰ
যাকেৰি নাহিকে উপাম ৷
তোহাৰি চৰণকু ৰেণুশতকোটি
বাৰেক কৰোহো প্ৰণাম ৷৷
যেনেকৈ ভিতৰ আছেবাবেই বাহিৰো আছে ৷সেইদৰেই আধ্যত্ম আছেবাবেই ভৌতিকো আছে ৷ভৌতিক বিজ্ঞানত আমাৰ দুটা চকুৰেই হয়,কিন্তু আধ্যাত্মবিজ্ঞানত তৃতীয় নয়নৰ প্ৰয়োজন হয় ৷ আজি যি যি নিৰ্মান হৈছে সেয়া আগতেও হৈছিল ৷ কিন্তু শাস্ত্ৰৰ তত্বক আমি যেন বিশ্লেষণ কৰিবজনা নাই ৷সেয়েহে য’ত আজিৰ প্ৰযুক্তি বিদ্যা অধিবিজ্ঞান বা metaphysics বুলি থমকিৰয় তাৰ ওপৰতো আছে বেদান্তৰ নিৰ্ণয় ৷ বৰ্ত্তমানৰ যুগটোত বিজ্ঞানৰ(ভৌতিক )আৰু প্ৰযুক্তিবিদ্যাৰ চমকদেখি কোৱাহয় বিজ্ঞানৰযুগ ৷ তথ্যজনাৰ যুগ সত্যজনাৰ যুগ ৷বিজ্ঞানৰ বিকাশ আৰু যোগাযোগ ব্যৱস্থাৰ দ্ৰুত উন্নয়নে পৃথিবীখনকে এখন গোলকীয় গাৱলৈ ৰূপান্তৰ কৰিলে ৷পূৱ পশ্চিমৰ মাজত দ্ৰুত সংযোগ হ’ল ৷উদাৰীকৰণ নীতিয়ে সকলোদিশত বিশ্বায়ণৰ সৃষ্টিকৰিলে ৷ধৰ্ম কৃষ্টি সংস্কৃতিৰো বিশ্বায়ণ ঘটিল ৷ডাৰউনে বিবৰ্ত্তন বাদৰ আতধৰি মানুহৰ পূৰ্বপুৰুষ নিৰ্ধাৰণ কৰিলে বান্দৰ বুলি ৷ভাগৱতৰ সৃষ্টিতত্ব অনুসৰি আমাৰপূৰ্বজক কৈছে মনুবুলি,মনুৰপৰাই মনুষ্যৰ উৎপত্তি ৷ পশ্চিমৰ ভৌতিক বিজ্ঞানত উন্নতদেশে সেই উন্নতিৰ মাজত শান্তি নাপাই low living high thinkingৰ দেশ ভাৰতৰ পৰা গ্ৰহণকৰিলে শ্রীমদভাগৱত গীতা আৰু শ্রীমদভাগৱত মহাপুৰাণৰ আদৰ্শ যিটো বিশ্বত শান্তিপ্ৰতিস্থাৰ একমাত্ৰ পথ৷প্ৰকৃতিৰ মাজত সামান্যজীৱন যাপন কৰা বিশালহৃদয়ৰ ৠষিমুনি সকলে বিনাদ্বিধাই কব পাৰিছিল “বসুধৈৱ কুতুম্বকম্” বিপৰীতে আমি তেওঁলোকৰ পৰা গ্ৰহণ কৰিছো বস্তুবাদৰ উত্তাপতদগ্ধ হৈ চাপখোৱা হৃদয়ত জন্মদাতা মাকবাপেকৰ বাবেও ঠাইৰ অভাবত নিৰ্মাণ হোৱা old age home. ইমানৰ পাছতো বেজৰুৱাদেৱে সকলো গমিপিতি চাইচিতি কৈগ’ল “সকলো আছিল সকলো আছে নুগুনো নলওঁ গম ৷”
“ত্ৰিভূৱন বন্দন দৈৱকী নন্দন
যোহৰি মাৰল কংস ৷
জগজন তাৰণ দেৱ নাৰায়ণ
শংকৰ তাকেৰী অংশ৷৷”
গুৰুভটিমা সেইজন আমাৰ পৰমগুৰু আৰু তেৰাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱ দেৱে আধ্যাত্মিকতাৰ যিখিনি সম্ভাৰ বিশ্বমানৱ সমাজলৈ অসমীয়া আৰু ভাৰতবাসীৰ সুবিধাহোৱাকৈ ব্ৰজাৱলী ভাষাত দিগ’ল সেয়া বিশ্বত অদ্বিতীয় ৷
“শঙ্কৰ মাধৱ অভেদ ঈশ্বৰ
গুৰু নাহি দুইত পৰ ৷
দোহান নামক কীৰ্ত্তন কৰিয়া
কৃতকৃত্য হোৱে নৰ ৷৷”
ন-ঘোষা “ন-ঘোষা কিন্তু সেইসমূহক বিশ্ববাসীৰ সমুখত তুলি ধৰিবলৈ সুবিধা থাকিয়ো আমি সুবিধা গ্ৰহণ কৰা নাই৷ আজিকালি যুৱপ্ৰজন্মই শিক্ষাগুৰু আৰু দীক্ষাগুৰুৰ উপৰিও হাততে থকা সাধন সামগ্ৰী(মোবাইল)ত সততে আৰু সহজে “গুগলগুৰু”ৰ পৰা শুদ্ধ তথ্যবিচাৰে ৷ গুৰুজনাৰ অপূৰ্বসৃষ্টি একশৰণ হৰিনামধৰ্ম্মৰ বিষয়েও সাধাৰণ মানুহৰ বাদেই বিশ্বৰ বিদ্বতসমাজৰ মাজতো সৌ সিদিনালৈকে বহু ভূলতথ্য প্ৰচাৰহৈ আছিল আৰু বহুকথা এতিয়াও আছে ৷গুৰুজনাৰ হাতৰ আখৰ বহু আগশাৰী ভকতৰে দেখাৰ সৌভাগ্য হোৱানাই ৷ ইয়াৰ ওপৰিও মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ অসমৰ সংবৰ্ধন, সংৰক্ষণ আৰু বিকাশৰ বাবে এটা “ৱেব চাইট” খোলাৰ দিহা কৰা হৈছে যি এই এই সমস্যা সমূহৰ সমাধান কৰিৰলৈ সক্ষম হব ৷সাংগঠনিক দিশত সংবৰ্ধন,প্ৰতিঘৰ গৃহস্থীৰ নাম সম্বলিত তালিকাৰ সংৰক্ষণ, আৰু প্ৰতিভা বিকাশৰ সকলো তথ্য চকুৰ পচাৰতে পাবপৰা সুবিধা প্ৰদানকৰাটো হব ইয়াৰ লক্ষ্য ৷ অনেকতাৰ মাজত একতাসৃষ্টিৰ বিৰল নিদৰ্শনৰে তেৰখন সমাজ একত্ৰীকৰণৰে গঠনহোৱা মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ,অসমৰ আৰু আন আন সমাজকো আকৰ্ষিত কৰিব পৰা সহজসংবিধান,প্ৰকৃতৰূপত সংগতি ৰক্ষাকৰা শুদ্ধকীৰ্ত্তনৰ প্ৰসঙ্গপ্ৰণালী আৰু হৰিনামক সাক্ষীকৰি সম্পাদন কৰিবলৈ বিবাহ বিধি বিশ্বৰ চুকে কোণে পাব পৰাকৈ এই Web Siteটোত আপলোড কৰি দিয়া হব৷ প্ৰয়োজনত ডাউনলোড কৰি লব পাৰিব ৷ Mahapurush Srimanta Sankardev Namdharma Samaj Asomৰ নামত চমুকৈ mpssankardevndsa বুলি খোলাৰ দিহাকৰা হৈছে ৷ সকলোৰে সহযোগিতাৰে সত্য শুদ্ধ লেখাআদি প্ৰকাশৰে গুৰুদুজনাই জগজনৰ তাৰণৰ বাবে দিযোৱা সম্ভাৰসমূহক বিশ্বসমাজলৈ আগবঢ়োৱাৰ ক্ষুদ্ৰ প্ৰয়াসক সুধী সমাজে আদৰিলোৱাৰ আশাৰে সেৱা ধৰাহ’ল ৷
অপৰাধ বিনাশন তযুনাম নাৰায়ণ
জানিনামে পশিলো শৰণ,
আনগতি নাহিকে মৰণে ৷
অপৰাধ ক্ষমাকৰি তুমিদয়াশীল হৰি
মোকৰক্ষা কৰিয়ো চৰণে ৷৷”