আমাৰ বিষয়ে দুআষাৰ
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ কি?
পৰমগুৰুজনাৰ চৰণকমলত শত সহস্ৰ প্ৰণিপাত জনাই, প্ৰাসঙ্গিকতাৰ খাতিৰত "মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ, অসম"ৰ এটি চমু ইতিহাস পাতনিতেই প্ৰকাশৰ প্ৰয়াস কৰাহ'ল ৷ গুৰুজনাই তাহানিতেই বৰ অসমৰ পৰ্বত-ভৈয়ামৰ জন সমাজত শান্তি আৰু সম্প্ৰীতিৰে "একশৰণ হৰিনামধৰ্ম" প্ৰচাৰ কৰি এখন শুদ্ধ সদাচাৰী আৰু নিকা সমাজ গঢ়ি বৈকুন্ঠী হোৱাৰ পাছত সংহতি বিভাজনৰ ধামখুমিয়াত একশৰণ হৰিনামধৰ্ম্ম নিয়ম-নীতিৰ খাতিৰত (বহিঃৰঙ্গত) চাৰিভাগ হ'ল ৷
পৰমগুৰুজনাই ব্ৰাহ্মণ্যবাদক আতৰাইৰাখি প্ৰতিষ্ঠাা একশৰণ হৰিনামধৰ্ম্মত পৰৱৰ্তী সত্ৰ ব্যৱস্থাই ব্ৰাহ্মণ্যবাদক সংযোগ কৰিল'লে আৰু সংহতি বিভাজনৰে গুৰুধৰ্মৰ প্ৰচাৰ নিজ নিজ পন্থা সমৰ্থনকাৰী আৰু সত্ৰসমূহৰ খেয়াল খুচিত সত্ৰৰ চাৰিবেৰৰ মাজতে চলাই ৰাখিলে ৷ ইতিমধ্যে ব্ৰাহ্মণ্যবাদৰ বৰ্ণবৈসম্যৰ চিকাৰহৈ পাহাৰীয়া লোকসকল গুৰুধৰ্ম্মৰপৰা আতৰিযাব লগাহ'ল ৷কৰ্মকাণ্ডত্যাগৰে একশৰণ হৰিনামধৰ্ম প্ৰচাৰৰ বাবে ১৪৭১খৃষ্টাব্দতে প্ৰতিষ্ঠা কৰা মৰতৰবৈকুণ্ঠ বৰদোৱাকীৰ্ত্তনঘৰো ব্ৰাহ্মণ্যবাদৰ কৰ্মকাণ্ডীয় আতিশায্যৰ পৰা বাদ নপৰিল ৷ ১৯২৬/২৭ চনত গুৰুতিথিতো পিণ্ডদিয়া কাৰ্য্যই প্ৰকৃত মহাপুৰুষীয়া সকলক অতিষ্ঠ কৰিলেমন্তব্য
যেনেকৈ ভিতৰ আছেবাবেই বাহিৰো আছে ৷সেইদৰেই আধ্যত্ম আছেবাবেই ভৌতিকো আছে ৷ভৌতিক বিজ্ঞানত আমাৰ দুটা চকুৰেই হয়,কিন্তু আধ্যাত্মবিজ্ঞানত তৃতীয় নয়নৰ প্ৰয়োজন হয় ৷ আজি যি যি নিৰ্মান হৈছে সেয়া আগতেও হৈছিল ৷ কিন্তু শাস্ত্ৰৰ তত্বক আমি যেন বিশ্লেষণ কৰিবজনা নাই ৷সেয়েহে য'ত আজিৰ প্ৰযুক্তি বিদ্যা অধিবিজ্ঞান বা metaphysics বুলি থমকিৰয় তাৰ ওপৰতো আছে বেদান্তৰ নিৰ্ণয় ৷ বৰ্ত্তমানৰ যুগটোত বিজ্ঞানৰ (ভৌতিক) আৰু প্ৰযুক্তিবিদ্যাৰ চমকদেখি কোৱাহয় বিজ্ঞানৰযুগ ৷ তথ্যজনাৰ যুগ সত্যজনাৰ যুগ৷বিজ্ঞানৰ বিকাশ আৰু যোগাযোগ ব্যৱস্থাৰ দ্ৰুত উন্নয়নে পৃথিবীখনকে এখন গোলকীয় গাৱলৈ ৰূপান্তৰ কৰিলে ৷
সভাপতিৰ একেষাৰ
শ্রীদীনেশ মহন্ত
শঙ্কৰদেৱ নামধৰ্ম সমাজ অসমৰ ত্ৰয়োদশ দ্ধিবাৰ্ষিক কাৰ্য্যকালৰ প্ৰথম বৰ্ষৰ প্ৰথম কাৰ্য্যনিৰ্বাহক সভাতগৃহিত তৃতীয় প্ৰস্তাৱ মৰ্মে সমাজখনৰ সৰ্বাঙ্গীন বিকাশৰ বাবে লগতে দুজনাগুৰুৰ সৃষ্টি ৰাজিক সঠিকৰূপত তথ্যসহকাৰে প্ৰচাৰ প্ৰসাৰ কৰাৰ আৰু সহজ লভ্য কৰাৰ মানসৰে সমাজখনৰ সকলো শাখা,আঞ্চলিক, জিলা আৰু ৰাজ্যিক পৰ্য্যায়ৰগুৰুসমাজ, আইমাতৃ, যুৱক যুৱতী, কৃষ্টি,সাহিত্য, প্ৰচাৰ, তথ্য আৰু সমন্বয় উপসমিতি সমূহৰ লগতে তত্বপৰিষদ সভাৰ সহযোগিতাৰে সমাজখনক বিশ্বত প্ৰতিস্থাকৰাত এই web site খোলাতো এক বলিস্থ পদক্ষেপ হববুলি আশাকৰি সেৱা ধৰা হ'ল৷
প্ৰধান সম্পাদকৰ একেষাৰ
শ্রীশ্রীমন্ত ভূঞা
অপৰাধ বিনাশন তযুনাম নাৰায়ণ
জানিনামে পশিলো শৰণ,
আনগতি নাহিকে মৰণে ৷
অপৰাধ ক্ষমাকৰি তুমিদয়াশীল হৰি
মোকৰক্ষা কৰিয়ো চৰণে ৷৷”