আমাৰ দুআষাৰ
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজৰ ইতিবৃত্ত
প্ৰস্তাৱনা
শ্রীমন্ত শঙ্কৰ হৰিভকতৰ
জানা যেন কল্পতৰু ৷
তাহান্ত বিনাই নাই নাই নাই
আমাৰপৰমগুৰু ৷৷
পৰমগুৰুজনাৰ চৰণকমলত শত সহস্ৰ প্ৰণিপাত জনাই, প্ৰাসঙ্গিকতাৰ খাতিৰত “মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ, অসম” গঠনৰ এটি চমু ইতিহাস পাতনিতেই প্ৰকাশৰ প্ৰয়াস কৰাহ’ল ৷ কৃপালুগুৰুজনাই তাহানিতেই বৰ অসমৰ পৰ্বত-ভৈয়ামৰ জন সমাজত শান্তি আৰু সম্প্ৰীতিৰে “একশৰণ হৰিনাম ধৰ্ম” প্ৰচাৰ কৰি এখন শুদ্ধ সদাচাৰী আৰু নিকা সমাজ গঢ়ি বৈকুন্ঠী হোৱাৰ পাছত সংহতি বিভাজনৰ ধামখুমিয়াত একশৰণ হৰিনামধৰ্ম্ম নিয়ম-নীতিৰ খাতিৰত (বহিঃৰঙ্গত) চাৰিভাগ হ’ল ৷ পৰম গুৰুজনাই ব্ৰাহ্মণ্যবাদক আতৰাই ৰাখি প্ৰতিস্থাকৰা একশৰণ হৰিনাম ধৰ্ম্মত পৰৱৰ্তী সত্ৰ ব্যৱস্থাই ব্ৰাহ্মণ্যবাদক সংযোগ কৰি ল’লে আৰু সংঘটি বিভাজনৰে গুৰুধৰ্মৰ প্ৰচাৰ নিজ নিজ সংঘটি সমৰ্থনকাৰী আৰু সত্ৰসমূহৰ খেয়াল খুচিত সত্ৰৰ চাৰিবেৰৰ মাজতে চলাই ৰাখিলে ৷ ব্ৰাহ্মণ্যবাদৰ বৰ্ণবৈসম্যৰ চিকাৰহৈ পাহাৰীয়া লোকসকল গুৰুধৰ্ম্মৰ পৰা আতৰি যাব লগা হ’ল৷ঢ পৰমগুৰু জনাই কৰ্মকাণ্ড ত্যাগৰে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰৰ বাবে ১৪৭১খৃষ্টাব্দতে প্ৰতিস্থা কৰা মৰতৰ বৈকুণ্ঠ বৰদোৱা কীৰ্ত্তনঘৰো ব্ৰাহ্মণ্যবাদৰ কৰ্মকাণ্ডীয় আতিশায্যৰ পৰা বাদ নপৰিল ৷ ১৯২৬/২৭ চনত পৰমগুৰু জনাৰ তিৰোভাৱ তিথিত পিণ্ডদিয়া কাৰ্য্যই প্ৰকৃত মহাপুৰুষীয়া সকলক অতিষ্ঠ কৰিলে ৷ ফলত ভক্তিআন্দোলনৰ এক নৱজাগৰণৰ সৃষ্টিহ’ল৷
মূলতে গুৰুতিথিত পিণ্ডদিয়া বন্ধকৰা আৰু সকলো বৰ্ণৰ বাবে মৃতাহাশৌচ ১১দিনত কৰ্মকাণ্ড ৰহিতহৈ নামকীৰ্ত্তনৰে সম্পন্নকৰা কাৰ্য্যৰ পোষকতাৰে “অসম শ্রীমন্ত শঙ্কৰদেৱ সংঘ” প্ৰতিষ্ঠা হ’ল ১৯৩০ চনত ৷ কিন্তু পৰিতাপৰ কথাহ’ল বিভেদৰ ইয়াতো অন্ত নহ’ল ৷ গুৰুজনাৰ প্ৰৱৰ্তিত ধূলা-মালা আৰু পালনাম নিষ্প্ৰয়োজন বুলি সঙ্ঘই প্ৰকাশ কৰাকলৈ একালৰ সংঘৰ প্ৰচাৰ সম্পাদক শ্রদ্বাৰ ঈলাৰাম দাস বাপে তেখেতৰ সমৰ্থক সকলকলৈ “একশৰণ ভাগৱতী সমাজ, অসম” প্ৰতিস্থা কৰিলে ১৯৭৫ চনত ৷ তাৰ পাছতো গুৰুদুজনাৰ তিৰোভাৱ তিথি নপতা আৰু পিতৃ-মাতৃৰ বিয়োগত মুণ্ডন নিস্প্ৰয়োজন আদি অতিসংস্কাৰী নীতি ঘোষণাত এটা প্ৰৱল বিভেদকামী ঢৌৰ সৃষ্টিহ’ল ৷ ১৯৭৬ চনত শোণিতপুৰ জিলাৰ বৃহতৰ জামুগুৰি অঞ্চলৰ বহুকেইখন গাওঁ লগহৈ দুজনাগুৰুৰ তিৰোভাৱ তিথি পতা আৰু পিতৃ-মাতৃৰ মৃত্যুত মুণ্ডনৰ সমৰ্থনত “শঙ্কৰদেৱ সেৱা সমাজ” নামৰে এভাগ অনুস্থান গঢ়দি আৰু সমভাৱাপন্ন অনুস্থানৰ সন্ধানত থাকিল ৷ইতিমধ্যে যোৰহাট আৰু নগাওঁ জিলাটো একেটা ক্ষোভতে বহুলোক সংঘৰ পৰা আতৰি আছিল ৷ ১৯৭৮ চনত তেতিয়াৰ নগাঁও জিলাৰ কলিয়াবৰত “শ্রীমন্ত শঙ্কৰদেৱ সংঘ (মুণ্ডন সমৰ্থনকাৰী)” নামৰ এটা অনুস্থান খুলি মূলসংঘৰ লগত বুজাপৰালৈ অহাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল ৷১৯৮১চনত যোৰহাট জিলাৰ শ্রীযুত তুলসী বৰদলৈদেৱৰ উদ্যোগত আয়োজনকৰা এখন ৰাজ্যিক ভিত্তিৰ সভালৈ পোৱা নিমন্ত্ৰণক্ৰমে সেৱাসমাজৰ পৰাও প্ৰতিনিধিত্ব কৰা হৈছিল ৷ জামুগুৰি অঞ্চলৰপৰা এই ভাবাবেগ তেতিয়াৰ দৰংজিলাৰ বহুতো অঞ্চলত বিয়পি পৰিছিল আৰু এখন সুকীয়া অনুস্থান গঢ়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল ৷ ৫/৪/৮১ তাৰিখে নগাঁৱৰ কলিয়াবৰৰ অন্তৰ্গত চতিয়ালৰ শঙ্কৰ মন্দিৰত “শ্রীমন্ত শঙ্কৰ দেৱ সংঘ(মুণ্ডন সমৰ্থনকাৰী)ৰ আহ্বানত আয়োজিত ৰাজ্যিক ভিত্তিৰ ৰাজহুৱা সভাত সভাপতিত্ব কৰিছিল জামুগুৰিহাটৰ কোঁছগাঁৱৰ শ্রীযুত ৰোষ শইকীয়া দেৱে ৷সেই সভাতে দ্বিতীয় প্ৰস্তাৱযোগে গঠনকৰা ৰাজ্যিক কাৰ্য্যকৰী সমিতিত শ্রীযুত পুষ্পকান্ত হাজৰীকা(কলিয়াবৰ নগাঁও) বাপক সভাপতি, শ্রীযুত ৰজনীকান্ত শইকীয়া (নাগশংকৰ দৰং) বাপক কাৰ্য্যকৰী সভাপতি ৷ শ্রীযুত ৰোষশইকীয়া (জামুগুৰিহাট দৰং) বাপক উপসভাপতি ৷ শ্রীযুত লোচন চন্দ্ৰ বৰা(নাগশংকৰ দৰং) বাপক প্ৰধান সম্পাদক ৷ শ্রীযুত গজেন বৰুৱা( জামুগুৰিহাট দৰং ) সহঃসম্পাদক৷ শ্রীযুত ডিম্বেশ্বৰ শইকীয়া (কলিয়াবৰ নগাঁও) শ্রীযুত ধৰণীধৰ পাঠক (কলিয়াবৰ নগাঁও) শ্রীযুত ডম্বৰু শইকীয়া (চতিয়া দৰং)শ্রীযুত চিদানন্দ শইকীয়া(মৰিকলং নগাঁও) শ্রীযুত মণিৰাম বৰা (মৰিকলং নগাঁও) শ্রীযুত কমল গগৈ(নাগশংকৰ দৰং) বাপ সকলক কাৰ্য্যকৰী সদস্য হিচাবেলৈ “শ্রীমন্ত শঙ্কৰদেৱ সংঘ(মুণ্ডন সমৰ্থনকাৰী)” নামৰ এখন ৰাজ্যিক সমাজ প্ৰতিস্থা কৰা হয় ৷
ইফালে ৯/৫/৮১ তাৰিখে বৃহত্তৰ জামুগুৰিহাটৰ শ্রীযুত ৰোষ শইকীয়া (কোছগাঁও)শ্রীযুত গজেন বৰুৱা( ৰাংচলীয়া কাঠবাৰী) শ্রীযুত পদ্ম শইকীয়া (সঙ্গীয়ামাজৰচুক )শ্রীযুত পৰশু হাজৰীকা (হেৰাপোৱা) শ্রীযুত বানেশ্বৰ শইকীয়া (শলগুৰি)শ্রীযুত দোলন বৰা (পাতলৰ চুক ) শ্রীযুত সোমেশ্বৰ শইকীয়া (কোছগাঁও ) শ্রীযুত ত্ৰিলোচন ৰাজবংশী (টুপিয়া)শ্রীযুত কৃষ্ণকান্তসুত(কেৱাৰী চুক) শ্রীযুত ঘনশ্যাম ভূঞা (পাতলৰ চুক) শ্রীযুত নৰেন্দ্ৰ হাজৰীকা(কমৰাচুক) ওপৰোক্ত সজ্জন সকলৰ আহ্বানত মুঢ়াদ’ল নামঘৰত শ্রীযুত মাধৰাম দাসদেৱৰ সভাপতিত্বত ৩২খন গাঁৱৰ প্ৰতিনিধিৰে অনুস্থিত ৰাজহুৱা সভাত “সদৌজামুগুৰি শঙ্কৰদেৱ সংঘ” নামাকৰণৰে এখন আঞ্চলিক সমিতি গঠন কৰাহয় ৷শ্রীযুত মাধৰাম দাস(টুপীয়া )বাপক সভাপতি আৰু শ্রীযুত গজেন শইকীয়া(ৰাংচলীয়া কাঠবাৰী)বাপক সম্পাদক হিচাবেলৈ এখন সৱল কাৰ্য্যকৰী সমিতি গঠনৰে বহুকেইটা প্ৰস্তাব গ্ৰহণ কৰে ৷”সদৌ জামুগুৰি শঙ্কৰদেৱ সংঘ”ৰ বৰ্ষপুৰ্তিত ৰাজ্যিক পৰ্য্যায়ত তেতিয়াৰ দৰং জিলা বৰ্ত্তমানৰ শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা থলীত ( পকামুৰা পথাৰত ) তিনিদিনিয়াকৈ ২১,২২আৰু ২৩চ’ত ৫৩৩ শঙ্কৰাব্দ ইং ৪,৫ আৰু ৬ এপ্ৰিল ১৯৮২চনত মহাসমাৰোহৰে প্ৰাদেশীক অভিবৰ্তন অনুস্থিত কৰাহয়৷ এই সমাৰোহৰ প্ৰতিনিধি আৰু মুকলি সভাত ” মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ সমাজ,অসম” নামাকৰণৰে এখন নতুন সমাজ গঠন হ’ল ৷এইনতুন সমাজখনতো তদানীন্তন “শ্রীমন্ত শঙ্কৰদেৱসংঘ (মুণ্ডন সমৰ্থনকাৰী)”ৰ বিষয়ববীয়া সকলেই নিজ নিজ পদবী আৰু দ্বায়িত্বত থকাৰ লগতে নিম্ন উল্লেখিত বাপসমস্তক কাৰ্য্যকৰী সদস্যৰূপে নিৰ্বাচিত কৰে ৷শ্রীযুত মাধৰাম দাস (জামুগুৰি দৰং)শ্রীযুত গুণাৰাম শইকীয়া(গোলাঘাট, শিৱসাগৰ) শ্রীযুত তৰুণ চন্দ্ৰ কলিতা (হয়বৰগাঁও নগাঁও)শ্রীযুত বিৰেন্দ্ৰ প্ৰসাদ হাজৰীকা (শিৱসাগৰ) শ্রীযুত বগীৰাম শইকীয়া(জুৰীয়া) শ্রীযুত খৰ্গেশ্বৰ কলিতা (হয়বৰগাঁও নগাঁও)শ্রীযুত ধনীৰাম হাজৰীকা আৰু শ্রীযুত নিৰ্মল কটকী (পাভৈ দৰং) ৷ সমাজখনে সংবিধান প্ৰঙ্গপ্ৰণালী আদি নিৰ্মান কৰি সমাজৰ তৃতীয়টো দুবছৰীয়া কাৰ্য্যকালত শ্রীযুত কৃষ্ণ ভূঞা সভাপতি,শ্রীযুত ধৰণীধৰ পাঠক প্ৰধান সম্পাদক আৰু শ্রীযুত নৰেন্দ্ৰ হাজৰীকা সহঃ সম্পাদক হৈ থকা সময়ত সমাজখনৰ ১৩০৩ নম্বৰ যোগে ১৯৮৭/৮৮ চনত পঞ্জিয়ণ কৰাহয় ৷ সেই সময়চোৱাত এনেকৈয়ে একতে অনেকতাৰ সৃষ্টিহৈ গোটেই অসমত প্ৰায় আঢ়ৈকুৰি স্বকীয় সমাজ গঢ়ি উঠিল|
১৯৮৭ চনত সকলো মহাপুৰুষীয়া সংগঠনক একত্ৰিত কৰাৰ উদ্দেশ্যে মহাপুৰুষীয়া ধৰ্ম আৰু আদৰ্শৰ প্ৰতি আনুগত্য থকা অসমৰ বিভিন্ন ঠাইৰ নিষ্ঠাবান ব্যক্তিৰ উদ্যোগত ১৪ বহাগৰ পৰা ১৯ বহাগলৈ একেৰাহে ছয়দিন ধৰি মৰ্ত্যৰ বৈকুন্ঠধাম বৰপেটা সত্ৰত সদৌ অসম ভিত্তিত এখন অভিৱৰ্তন অনুষ্ঠিত হৈছিল | উক্ত অভিৱৰ্তনলৈ মহাপুৰুষীয়া ধৰ্মীয় সংগঠন সমুহ , মুখ্য সত্ৰ ৪০ খন গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিৰ উপৰিও ৫০ জনৰো অধিক গণ্যমান্য , বিশিষ্ট আৰু বৰেণ্য ব্যক্তিক আমন্ত্ৰণ জনোৱা হ’ল | কেইবাটাও গুৰুত্বপুৰ্ণ আলোচ্য বিষয়ৰ উপৰিও আন এটা মুখ্য আলোচ্য বিষয় আছিল “মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ বৈকুণ্ঠপ্ৰয়াণৰ পিছত এই ধৰ্মত সৃষ্টি হোৱা মতাদৰ্শৰ অনৈক্যতাৰ কাৰণ বিচাৰ আৰু প্ৰতিকাৰ |” ছটাদিনৰ আলোচনাৰ অন্তত সকলোৰে সহমতত ১৩জন সদস্যৰে এখন “মহাপুৰুষীয়া ধৰ্ম্মানুষ্ঠান সমন্বয় সমিতি” গঠন কৰি তাৰ ওপৰত কাম কৰাৰ পৰামৰ্শ দিয়ে ৷ কিন্তু ফলাফল কিহ’ল জনা নগ’ল৷ পৰৱৰ্তী সময়ত একশৰণ ভাগৱতী সমাজৰ পৰাও কিছুলোকৰ বহিৰ্গমন ঘটিল ৷
১৯৯২চনত অসমৰ বিভিন্ন মহাপুৰুষীয়া সমাজ সমূহক একেখন ধৰ্ম্মধ্বজাৰ তলত আৰু একেখন মঞ্চত থিয় কৰোৱাৰ মানসৰে একভাৱাপন্ন কেইজনমান ভক্তপ্ৰাণ বাপ ক্ৰমে মঙ্গলদৈৰ শ্রীযুত প্ৰদীপ ৰায়বৰুৱা, শ্রীযুত দণ্ডি ডেকা, শ্রীযুত কেশৱ ৰাজবংশী, মৰিগাওঁৰ শ্রীযুত ফণি দাস, গোৰেশ্বৰৰ শ্রীযুত হৰি ডেকা, গোলাঘাটৰ শ্রীযুত হৰেণ বৰা,এম এ, শ্রীযুত ৰামেশ্বৰ বৰা আৰু শ্রীযুত ভদ্ৰেশ্বৰ দাস ৷ গুৱাহাটীৰ শ্রীযুত নৰেশ্বৰ দাস বি এ এল এল বি, সৱৰ সহযোগিতাত যোৱা ১৪/০৩/১৯৯২ তাৰিখে মংগলদৈৰ ডাকচকীত জন্ম হ’ল এখন নতুন মহাপুৰুষীয়া সমাজ | তদৰ্থ ভিত্তিত নাম ৰখা হ’ল “একশৰণ নামধৰ্ম সমাজ, অসম |” উক্ত সমাজৰ সভাপতি পদত শ্রীযুত ফণি দাস আৰু সম্পাদকৰ পদত শ্ৰীযুত কেশৱ ৰাজবংশীদেৱক লৈ লক্ষ্যত উপনীত হ’বৰ বাবে দৃঢ় পদক্ষেপ লোৱা হ’ল | “একশৰণ নামধৰ্ম্ম সমাজ” আৰু “শ্রীমন্ত শঙ্কৰদেৱ সমাজৰ” উদ্যোগত প্ৰায় ৫০খন মহাপুৰুষীয়া সমাজক আমন্ত্ৰণৰে বোকাখাটৰ কুৰুৱাবাহীত ১৯৯২ চনৰ ৩,৪ আৰু৫ মে’ তাৰিখে তিনিদিনিয়াকৈ ৰাজ্যিক অভিৱৰ্তন অনুস্থিত কৰাহয় ৷ অনুস্থানত উপস্থিত হোৱা সকলো অনুস্থানৰ একত্ৰীকৰণৰ সহমতৰে পূৰ্বৰ তদৰ্থ সমিতিকে বাহাল ৰাখি এখন সাংগঠনিক কাৰ্য্যনিৰ্বাহক সভা গঠন কৰাহয় ৷ ১৯৯২চনৰে ৮ আৰু ৯ আগষ্টত “একশৰণ হৰিনামধৰ্ম্ম সমাজ” আৰু “মহাপুৰুষীয়া শঙ্কৰী সমাজ” মৰিগাৱৰ আহতগুৰিত অনুস্থিত সাংগঠনিক সভাত আনুস্থানিক ভাৱে একত্ৰিত হয় ৷১৯৯২চনৰে অক্টোবৰমাহৰ ১১ আৰু ১২তাৰিখে মঙলদৈৰ নাৰায়ণ সত্ৰত আৰু ১ নবেম্বৰ তাৰিখে গোৰেশ্বৰত ক্ৰমে দুখন সাংগঠনিক সভা অনুস্থিত হয় ৷
১৯৯৩চনৰ ১১জানুৱাৰীত একশৰণ নামধৰ্ম্ম সমাজৰ আহ্বানত গোৰেশ্বৰত অতি গুৰুত্বপূৰ্ণ সাংগঠনিক সভাখনত “মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ সমাজ, অসম” ,”জয়গুৰু শঙ্কৰ সমাজ”, আৰু “পূৱকামৰূপ মহাপুৰুষীয়া সমাজ”ৰ বিশিষ্ট প্ৰতিনিধি সকলৰ উপস্থিতিত একত্ৰিকৰণৰ নীতি-নিয়ম নিৰ্ধাৰণ কৰা হয় আৰু “মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ সমাজ, অসম” ৰ সন্মানীয় সভাপতি শ্রীযুত কৃষ্ণকান্ত ভূঞা দেৱৰ প্ৰস্তাব মৰ্মে ১৯৯৩চনৰে ১৬,১৭ আৰু১৮জানুৱাৰীত “মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ সমাজ, অসম”ৰ তেতিয়াৰ অবিভক্ত শোণিতপুৰ জিলাৰ আমন্ত্ৰণক্ৰমে বিশ্বনাথ চাৰিআলি আঞ্চলিক সমাজৰ সৌজন্যত কোছগাওঁ কীৰ্ত্তনগৃহত সদৌঅসম ভিত্তিত অভিৱৰ্তন অনুস্থিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ লগতে পুস্তক প্ৰণয়ণ উপসমিতি এখন গঠনকৰি একত্ৰিত হবলগা সমাজৰ সংবিধান, প্ৰসঙ্গপ্ৰণালী, বিবাহবিধিৰ খচৰা প্ৰস্তুত কৰিবলৈ দ্বায়িত্ব দিয়ে ৷
অংশগ্ৰহণকাৰী সমাজসমূহ আছিল…
১)মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ সমাজ, অসম
২) একশৰণ নামধৰ্ম সমাজ , অসম
৩) সংযুক্ত নগাঁও-মৰিগাঁও জিলা একশৰণ নামধৰ্ম্ম সমাজ৷
৪)আঁহতগুৰি ভাগৱতী সমাজ
৫)যোৰহাট নামধৰ্ম্ম সমাজ(তিতাবৰ)
৬) নামদাং শিলৰ সাঁকো বৈষ্ণৱ সমাজ(শিৱসাগৰ)
৭)শ্রীমন্ত শঙ্কৰদেৱ সমাজ, অসম
৮) শঙ্কৰদেৱ জন্মোৎসৱ সমিতি(তেজপুৰ)
৯)গুৱাহাটী শাখাসমাজ
১০))নুনমাতি শাখাসমাজ
১১)চান্দমাৰি শাখাসমাজ
১২)গোৱালপাৰা শাখাসমাজ
১৩)জয়গুৰু শঙ্কৰ সমাজ (নলবাৰী)
ওপৰোক্ত সমাজ সমূহৰ ৩০০ প্ৰতিনিধিৰ পঞ্জীয়ণ অপ্যায়নৰ অন্তত এক গুৰুগম্ভীৰ পৰিবেশত এককশৰণ নামধৰ্ম্ম সমাজ, অসমৰ মাননীয় সভাপতি শ্রদ্ধাৰ শ্রীযুত ফণি দাস বাপৰ সভাপতিত্বত ১৭/০১/১৯৯৩ তাৰিখে ৰাতি ৯টা বজাত হৰিধ্বনীৰে প্ৰতিনিধি সভাৰ শুভাৰম্ভ হয় ৷ সকলোৰে মনত মহামিলনৰ হাবিয়াস ৷ সকলো এটা ছন্দতে ছন্দিত হব ধৰিছে, সেয়া মহামিলনৰ ছন্দ ৷
তিনিদিনিয়া অভিৱৰ্ত্তনৰ অতি স্মৰণীয় আৰু বৰণীয় দিনটোৱেই আছিল মাজৰ দিনটো অৰ্থাৎ ১৭ জানুৱাৰী১৯৯৩ চন ৷ সময় মাজনিশা, যেন গুৰু কৃপাত আকাশী গঙ্গাৰহে অৱতৰণ ৷সকলোৰে সু দিহা পৰামৰ্শৰে উপনিত হ’ল একত্ৰিকৰণৰ ঐক্যমতত ৷ কিন্তু পৰিচয় হব কোনটো নামত ? কাৰণ তেতিয়ালৈকে বিগত তিনিকুৰি বছৰত শ্রীমন্ত শঙ্কৰদেৱ সংঘ প্ৰমুখ্যে তিনিকুৰিৰো অধিক সমাজ গঠন হ’ল ৷ কিন্তু গুৰুজনাৰ প্ৰতিষ্ঠিত ধৰ্ম্মটোৰ সম্পূৰ্ণ নামতো কোনো এখন সমাজে গ্ৰহণ কৰা দেখা নগ’ল ৷ বাপ আতা সকলৰ শুদ্ধ কথন মথনৰ অন্তত ওলাই আহিল সেই অমৃতোপম নামটি “মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ নামধৰ্ম্ম সমাজ, অসম ৷” সেই দিনাৰ সভাৰ সভাপতি স্বমনামধন্য ফণীদাস বাপে সভাপতিৰ আসনৰ পৰা ওপৰোক্ত নামভাগ ঘোষণা কৰাৰ লগে লগেই হৰ্ষোল্লাসৰে খোল তাল দবা শঙ্খ ঘণ্টা বাজি উঠাৰ লগতে বাপসমস্তৰ হৰিধ্বনী আৰু আই সকলৰ উৰুলিৰে কোছগাও কীৰ্ত্তনঘৰ পৰিবৰ্ত্তন হ’ল মহামিলনৰ মহাতীৰ্থলৈ ৷ প্ৰায় দুটা দশকৰ জল্পনা কল্পনাৰ অন্তপেলেই একতে অনেকতাৰ বিপৰীতে অনেকতাৰ মাজত একতাৰ কৃষ্ণনামৰ প্ৰেমজৰীৰে ইমান কেইখন সমাজ এটা পূৰ্ণাঙ্গ আৰু শুদ্ধ নামত মিলিতহৈ নিজ নিজ অস্তিত্ব বিলীন কৰি দিয়াটো দুজনাগুৰুৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছত অসমৰ ইতিহাসত এক বিৰল পৰিঘটনা ৷ যি সককল বাপ আতাৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ ফলত আমি এইখন সমাজৰ সঙ্গী হিচাবে গৰ্ব্ব অনুভৱ কৰাৰ সুবিধি পালো, তেখেত সকলৰ চৰণত শিৰ থৈ আমি সেৱা জনাইছো ৷
১৮/০১/১৯৯৩ তাৰিখৰ সাধাৰণ সভাত সৰ্বসন্মতিক্ৰমে পাছটা প্ৰস্তাব গ্ৰহণৰে সমাজখনৰ স্থিতি আৰু গতি নিৰ্ধাৰণ কৰি বাকী সমাজ সমূহকো পৰৱৰ্ত্তী সময়ত একত্ৰিকৰণৰ মানসেৰে পাছটা ঐতিহাসিক সিদ্ধান্তত উপনিত হয়..
প্ৰথম প্ৰস্তাৱ:—নৱগঠিত সমাজখনৰ নাম “মহাপুৰুষ শ্রীমন্ত শঙ্কৰ দেৱ নামধৰ্ম্ম সমাজ, অসম৷
দ্বিতীয় প্ৰস্তাৱ:—মহাপুৰুষ শ্রীমন্ত শঙ্কৰ দেৱ নামধৰ্ম্ম সমাজ,অসমৰ
পঞ্জিয়ন নম্বৰটো ১৩০৩/৮৭-৮৮ টোৱেই বাহাল থাকিব ৷
তৃতীয় প্ৰস্তাৱ:—একত্ৰিকৃত পুৰণা সমাজসমূহে পৰৱৰ্তী এবছৰৰ ভিতৰত বাৰ্যিক অধিবেশন/বিশেষ প্ৰতিনিধিমূলক সভা অনুস্থিত কৰি নিজা নিজা নাম পৰিহাৰ কৰিব ৷
চতুৰ্থপ্ৰস্তাৱ:—এই প্ৰস্তাৱযোগে এটাবছৰৰ কাৰণে অভিবৰ্তনত উপস্থিত থকা সকলো জিলাক সামৰি ৬১জনীয়া এখন শক্তিশালী
তদৰ্থ সমিতি গঠনকৰা হয় ৷এই সমিতিখন নিম্নলিখিত ধৰণে গঠন কৰাহয় ৷
উপদেষ্টা সকল—শ্রীযুত গোলোক কাকতি(জামুগুৰিহাট,শোণিতপুৰ)
শ্রীযুত নীলকান্ত মহন্ত (ৰঙিয়া), শ্রীযুত কৃষ্ণকান্ত ভূঞা(পুৰণিগুদাম নগাঁও)
সভাপতি—শ্রীযুত ফণি দাস(আহতগুৰি,মৰিগাঁও)
উপসভাপতি—শ্রীযুত প্ৰদীপ ৰায়বৰুৱা(মঙ্গলদৈ),শ্রীযুত গুণাৰাম দাস (গোৰেশ্বৰ), শ্রীযুত হৰি ডেকা (গোৰেশ্বৰ)
প্ৰধান সম্পাদক—শ্রীযুত বিনোদ হাজৰীকা(জামুগুৰিহাট শোণিতপুৰ)
যুটীয়া সহঃসম্পাদক— শ্রীযুত ধৰণীধৰ পাঠক(কলিয়াবৰ নগাঁও)
শ্রীযুত দেবেন নাথ (মঙ্গলদৈ)শ্রীযুত ৰামেশ্বৰ বৰা(গোলাঘাট)
সাংগঠনিক সম্পাদক—শ্রীযুত কেশৱ ৰাজবংশী(গোৰেশ্বৰ)শ্রীযুত ভৱেশ্বৰ শইকীয়া (জামুগুৰি শোণিতপুৰ)
প্ৰচাৰ সম্পাদক—শ্রীযুত ভদ্ৰেশ্বৰ দাস(গোলাঘাট),শ্রীযুত দণ্ডি ডেকা (মঙ্গলদৈ),শ্রীযুত ঘনশ্যাম ভূঞা(জামুগুৰি শোণিতপুৰ) বাকী৪৫জন
কাৰ্য্যনিৰ্বাহক সদস্য নিৰ্বাচিত হয় ৷
পঞ্চম প্ৰস্তাৱ:—প্ৰস্তাৱ গ্ৰহণকৰা হয়যে এই সমিতিৰ এবছৰীয়া কাৰ্য্যকালতে মহাপুৰুষ শ্রীমন্ত শঙ্কৰ দেৱ নামধৰ্ম্ম সমাজ, অসমৰ
সংবিধান,প্ৰসঙ্গপ্ৰণালী, বিৱাহ বিধি আৰু সামাজিক আচাৰবিধি আদি পুস্তিকাসমূহ প্ৰকাশ আৰু প্ৰচাৰ কৰাহওক ৷এবছৰৰ পাছত পূৰ্ণাঙ্গ বাৰ্ষিক অধিবেশন পাতি সাংবিধানিক কাৰ্য্যকৰী সমিতি দুবছৰৰ বাবে গঠনকৰাহওক৷
এইধৰণৰে একত্ৰিকৰণ অভিৱৰ্তনৰ সফল সামৰণি পৰে |
তেতিয়াৰ পৰা এতিয়ালৈকে মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ নামধৰ্ম্ম সমাজ, অসমে সকলো মহাপুৰুষীয়া অনুস্থানক এককৰি অনেকতাৰ মাজত একতাগঢ়ি পৰমগুৰুজনাৰ প্ৰচাৰিত ধৰ্ম্ম
“ভকতি ভাণ্ডাৰ দ্বাৰ সৱ ছোড়ি
মুকুতি কয়লি উদাস ৷
এক শৰণ হৰি নাম ধৰমকহু
ৰাজা কৰু পৰকাশ ৷”
বিশ্বৰ লোকৰ বাবে মুকলি কৰিদিয়াৰ আৰু সকলো মহাপুৰুষীয়া অনুস্থানক এককৰাৰ প্ৰয়াস অব্যাহত আছে ৷ তাৰেইএক অংশহিচাবে ৰূপালীজয়ন্তী বৰ্ষত শোণিতপুৰ জিলাসমাজৰ আতিথ্যত উদযাপন কৰা দ্বাদশ দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি সভাই গঠনকৰা কাৰ্য্যনিৰ্বাহকৰ প্ৰথম বৈঠকত গৃহিত প্ৰস্তাৱ মৰ্মে এটা web site খুলি প্ৰথমতে “মহাপুৰুষ “শ্রীমন্ত শঙ্কৰদেৱ নামধৰ্ম্ম সমাজ, অসম”ৰ এটা ইতিবৃত্ত ডাঙিধৰাহৈছে ৷
অপৰাধ বিনাশন তযুনাম নাৰায়ণ
জানিনামে পশিলো শৰণ,
আনগতি নাহিকে মৰণে ৷
অপৰাধ ক্ষমাকৰি তুমিদয়াশীল হৰি
মোকৰক্ষা কৰিয়ো চৰণে ৷৷”
সেৱাৰে
২৮/৫/২০১৯ শ্রীদীনেশ মহন্ত
সভাপতি
শ্রীমন্ত শঙ্কৰদেৱ নামধৰ্ম্ম সমাজ,অসম